3 অধ্যায়
কইনাৰ সপোন: 
 1 ৰাতি মোৰ শয্যাত 
মোৰ প্ৰাণৰ প্ৰিয়তমক মই বিচাৰিলো; 
মই তেওঁক বিচাৰিলো, কিন্তু নাপালোঁ; 
 2 মই ভাবিলোঁ, “মই এতিয়া উঠি নগৰখনৰ মাজত ঘূৰি ফুৰিম; 
ৰাস্তায় ৰাস্তায়, চকবোৰত ঘূৰি ফুৰিম; 
তাত মই মোৰ প্রাণৰ প্রিয়তমক বিচাৰিম।” 
মই তেওঁক বিচাৰিলোঁ, কিন্তু নাপালোঁ। 
 3 প্ৰহৰীবোৰে নগৰ ঘূৰি ফুৰি পহৰা দিয়াৰ সময়ত, 
মোক দেখা পালে। 
মই তেওঁলোকক সুধিলোঁ, আপোনালোকে মোৰ প্ৰাণৰ প্ৰিয়তমক দেখিছিল নে?” 
 4 তেওঁলোকক পাৰ হৈ আগুৱাই যাওঁতেই, 
মই মোৰ প্ৰাণৰ প্ৰিয়তমক দেখা পালোঁ। 
তেওঁক ধৰি মোৰ মাতৃৰ ঘৰলৈ লৈ নহালৈকে, 
মই তেওঁক এৰি নিদিলোঁ; 
যি গৰাকীয়ে মোক গর্ভত ধাৰণ কৰিছিল, 
মই তেওঁৰেই শোৱনি কোঠালিলৈ প্রিয়তমক লৈ আনিলো। 
ৰমণীসকলৰ প্রতি উক্তি: 
 5 হে যিৰূচালেমৰ যুৱতীসকল, 
কৃষ্ণসাৰ আৰু পথাৰৰ হৰিণবোৰৰ নামেৰে মোৰ ওচৰত প্রতিশ্রুতি দিয়া, 
আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে 
তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা। 
বিবাহৰ বাবে চলোমনৰ আগমণ 
 6 মৰুভূমিৰ পৰা ধোঁৱাৰ স্তম্ভৰ দৰে সেই গৰাকী কোন আহিছে? 
তেওঁ ব্যৱসায়ীৰ সকলো ধৰণৰ মছলাগুৰিৰ গন্ধ লৈ, 
গন্ধৰস আৰু সুগন্ধি ধূপৰ সুবাসেৰে এক ধোঁৱাৰ স্তম্ভৰ দৰে আহিছে। 
 7 চোৱা, সৌৱা চলোমনৰ দোলা; 
ষাঠিজন বীৰ যোদ্ধাই সেই দোলাক ঘেৰি ৰাখিছে; 
তেওঁলোক ইস্রায়েলৰ শক্তিশালী সৈন্য। 
 8 তেওঁলোক সকলোৰে লগত আছে তৰোৱাল; 
যুদ্ধত তেওঁলোক সুদক্ষ; 
তৰোৱাল ককালত বান্ধি লৈ 
তেওঁলোক প্ৰতিজন প্রস্তুত আছে ৰাতিৰ বিপদৰ কাৰণে। 
 9 ৰজা চলোমনে লিবানোনৰ কাঠেৰে নিজৰ বাবে, 
এটি দোলা নির্মাণ কৰিলে। 
 10 দোলাৰ খুটাবোৰ ৰূপেৰে 
পিছৰ ভাগ সোণেৰে, 
আসনখন বেঙেনা বৰণীয়া কাপোৰেৰে তৈয়াৰী; 
যিৰূচালেমৰ ৰমণীসকলৰ প্রেমেৰে 
তাৰ ভিতৰ অংশ খচিত আৰু শোভিত কৰা হ’ল 
 11 হে চিয়োনৰ যুৱতীসকল, তোমালোক বাহিৰলৈ ওলাই আহাঁ, 
চোৱা, ৰজা চলোমনে মুকুট পিন্ধি আছে; 
তেওঁৰ বিবাহৰ দিনা, তেওঁৰ সেই মনৰ আনন্দৰ দিনা, 
তেওঁৰ মাকে তেওঁক মুকুট পিন্ধাই দিছে।